কেন্দ্ৰীয় চৰকাৰে ৫২ হাজাৰ ৩০০ কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে

কেন্দ্ৰীয় চৰকাৰে ৫২ হাজাৰ ৩০০ কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে বুলি কেন্দ্ৰীয় বিত্ত বিভাগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজহাৱা খণ্ডৰ বেংকসমূহে নিৰ্দিষ্ট আৰ্হিত গ্ৰাহকৰ ক্রেডিট স্কৰৰ ভিত্তিত ডিজিটেল ব্যৱস্থাৰে আগবঢ়োৱা এই আবেদনসমূহত যোৱা বছৰৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত মঞ্জুৰি প্ৰদান কৰিছে। বিত্ত বিভাগে জানিবলৈ দিয়া মতে গ্ৰাহকৰ কে ৱাই চি, মোবাইল নম্বৰ, ইমেইল, জি এছ টি, বেংকৰ খাটা-বহী বিশ্লেষণ আৰু আয়কৰৰ সত্য নিৰূপণৰ ভিত্তিত এই আবেদনসমূহ গ্ৰহণ কৰি ঋণ মঞ্জুৰি দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।