ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় চৰকাৰে শেহতীয়া সংবাদমেলত পাকিস্তানী সেনাৰ কেতবোৰ দাবী ভূৱা বুলি প্ৰকাশ কৰিছে

কেন্দ্ৰীয় চৰকাৰে শেহতীয়া সংবাদমেলত পাকিস্তানী সেনাৰ কেতবোৰ দাবী ভূৱা বুলি প্ৰকাশ কৰিছে। পাকিস্তানে ভাৰতৰ কিছু সংবাদ মাধ্যমে ভাৰতীয় বিমান ঘাটি ক্ষতিগ্ৰস্ত হোৱাৰ কথা স্বীকাৰ কৰিছে বুলি মিছা দাবী কৰিছিল। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ ফেক্ট ছেক গোটে প্ৰকাশ কৰা মতে, পাকিস্তানে ইয়াৰ প্ৰমাণ হিচাপে বিসংগতিপূৰ্ণ ভিডিঅ’ প্ৰচাৰ কৰি নিজৰ জনসাধাৰণকে বিপথে পৰিচালিত কৰিছে। পাকিস্তানৰ অন্তঃৱৰ্তী সেনা জনসম্পর্ক মহানির্দেশকে কালি এখন সংবাদমেলত ভাৰতীয় সংবাদমাধ্যমে প্ৰচাৰ কৰা এটা সম্পূৰ্ণ ভিডিঅ’ৰ কিছু অংশ সম্পাদনা কৰি দেখুৱাইছিল। বাস্তৱিকতে সেই ভিডিঅ’টোত সেনা বাহিনীয়ে পাকিস্তানী বিমানঘাটি ধ্বংস কৰাহে দেখা পোৱা গৈছিল বুলি চৰকাৰে উল্লেখ কৰিছে।