ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিবঃ গৃহমন্ত্রী

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। আজি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া সন্ত্রাসবাদ বিৰোধী সন্মিলন, ২০২৪ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বিগত ১০ বছৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। তেওঁ কয়, যে শ্রী মোদীৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতিক বিশ্বৰ বিভিন্ন দেশে ভূয়সী প্রশংসা কৰিছে। যোৱা ১০ বছৰত দেশত সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ এটা শক্তিশালী ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰি শ্ৰী শ্বাহে কয়, যে ২০০৬ চনৰ পৰা ২০১৩ চনৰ সময়ছোৱাতকৈ ২০১৪ৰ পৰা ২০২১ চনলৈ দেশত সন্ত্রাসবাদজনিত ঘটনা ৭০ শতাংশ হ্ৰাস পাইছে। শ্রী শ্বাহে লগতে কয় যে চলিত বছৰত প্ৰৱৰ্তন কৰা তিনিখন নতুন ফৌজদাৰী আইন বিশ্বৰ ভিতৰতে আটাইতকৈ আধুনিক আৰু কাৰিকৰীভাৱে আগবঢ়া হিচাপে পৰিগণিত হ’ব। তেওঁ কয় যে সুৰক্ষাৰ সৈতে জড়িত আইনসমূহ শেহতীয়াকৈ সংশোধন কৰা হৈছে। শ্ৰী শ্বাহে তেওঁৰ ভাষণত স্বাধীনতা লাভৰ পাছৰে পৰা দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সীমান্তৰ নিৰাপত্তা বৰ্তাই ৰখাৰ বাবে প্ৰাণ আহুতি দিয়া ৩৬ হাজাৰ ৪৬৮ গৰাকী আৰক্ষী কর্মীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা-এন আই এৰ উদ্যোগত এই দুদিনীয়া সন্মিলনখনৰ আয়োজন কৰা হৈছে।