সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ বছৰে উত্তৰ-পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয়, জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহিছে। চৰকাৰৰ পি এম ডিভাইন উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি আৰু অভিলাষী জিলা আঁচনিৰ দৰে ধবজাবাহী আঁচনিৰ জৰিয়তে অঞ্চলটোৰ তৃণমূল পৰ্যায়ৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰি তুলিছে। জন-ধন যোজনাৰ জৰিয়তে ৩ লাখৰো অধিক জনজাতীয় লোকক সমর্থন আগবঢ়াইছে। ৪৩৪টা কৃষি ভিত্তিক কোম্পানীৰ জৰিয়তে দুই লাখৰো অধিক কৃষকে সংগঠিত কৃষি ব্যৱসায়ৰে উপকৃত হৈছে। অঞ্চলটোৱে জৈৱিক উৎপাদক হিচাপে বিশেষ স্বীকৃতি লাভ কৰাৰ লগতে খোৱাতেল, বাঁহ, আগৰ কাঠ, এৰী সুতা, পাত সুতা আদি পৰম্পৰাগত উৎপাদিত সামগ্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰতো সমাদৰ বৃদ্ধি পাইছে। শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰতো উন্নতি হৈছে। সাক্ষৰতাৰ হাৰো বৃদ্ধি পাইছে। মিজোৰাম ইতিমধ্যে সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃত হৈছে। একে সময়তে ১৫ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰে অসম দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কর্কট চিকিৎসা কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে। অসমৰ সাংস্কৃতিক উৎসৱে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰাৰ লগতে চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ ইঞ্জিনলৈ পৰিণত হৈছে। অঞ্চলটোৰ বিচিত্ৰতা উন্নয়নৰ সুযোগ হৈ পৰিছে।
Site Admin | June 8, 2025 9:03 PM | 11th years of Modi Govt
কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ বছৰে উত্তৰ-পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয়, জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহিছে
