কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে আৰু তেওঁলোকক প্ৰকৃত শাসন তথা ধৰ্মনিৰপেক্ষতাৰ নীতি অনুযায়ী কোনো ধৰণৰ বৈষম্য অবিহনে বিভিন্ন আঁচনিৰ লাভ প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম বার্ষিকী উপলক্ষে কালি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰি প্রধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰী আঁচনিসমূহৰ প্ৰসাৰেই বৰ্তমান চৰকাৰৰ মন্ত্ৰ আৰু সম্প্ৰতি কোটি কোটি লোকে এনে আঁচনিৰ উপকাৰ লাভ কৰিছে। জন্ম বার্ষিকী উপলক্ষে অটল বিহাৰী বাজপেয়ীৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয়, যে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপসমূহে দেশৰ উন্নয়ন প্ৰেক্ষাপট সলনি কৰিছে। তেওঁ এই সন্দৰ্ভত প্রধানমন্ত্রী গ্রাম্য চড়ক যোজনাৰ বিষয়ে উল্লেখ কৰে আৰু বিগত ১১ বছৰত আঁচনিখনৰ অধীনত চাৰিলাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা বুলি জানিবলৈ দিয়ে।
তেওঁ ৰাষ্ট্ৰীয় নায়কসকলক যথোচিত সন্মান নিদিয়াৰ বাবে আৰু সকলো অনুষ্ঠান-প্ৰতিষ্ঠান দলীয় নেতাৰ নামেৰে নামকৰণ কৰাৰ বাবে কংগ্ৰেছ দলক তীব্র সমালোচনা কৰে। উত্তৰ প্ৰদেশৰ ভাবমূৰ্তি সলনি হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে সম্প্ৰতি ৰাজ্যখন উন্নয়নৰ আন এটা নাম হৈ পৰিছে। অনুষ্ঠানত প্ৰতিৰক্ষামন্ত্রী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যিক মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী তথা লক্ষ্ণৌৰ স্থানীয় সাংসদ ৰাজনাছ সিঙে তেওঁৰ ভাষণত কয়, যে অটল বিহাৰী বাজপেয়ীয়ে সংস্কৃতি, সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰলৈ অপাৰ অৱদান আগবঢ়াই থৈ গৈছে।
Site Admin | December 26, 2025 2:23 PM
কেন্দ্ৰীয় চৰকাৰে বৈষম্য অবিহনে বিভিন্ন আঁচনিৰ লাভ প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে : প্ৰধানমন্ত্ৰী