কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উজলি থকা অধ্যায় বুলি মন্তব্য কৰিছে। ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত নির্মীয়মান চেৱোক ৰংপো ৰে’লপথে ছিকিমক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্রীমোদীয়ে কয় যে যোৱা ১০ বছৰত ছিকিমত প্রায় ৪০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু ১০০ কিলমিটাৰৰো অধিক গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰা হৈছে। অটল সেতুৱে ছিকিম আৰু দাৰ্জিলিঙৰ মাজৰ যোগাযোগ বহু পৰিমাণে উন্নত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে খ্যাত ছিকিমৰ স্থানীয় বহু লোকক লাভান্বিত কৰিব পৰাকৈ শেহতীয়াকৈ জৈৱিক প্ৰক্ৰিয়াৰে মীন পালনত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে। শ্ৰীমোদীয়ে ভৱিষ্যতে ছিকিমক বিশ্বৰ দৰবাৰত সেউজ ৰাজ্যৰ আদৰ্শ হিচাপে তুলি ধৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে। উত্তৰ পূৰ্বাঞ্চলত ক্রীড়া ক্ষেত্ৰত থকা প্ৰতিভাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটোৰ যুৱ প্ৰজন্মই এই ক্ষেত্ৰত বিকশিত ভাৰত গঢ়াত নেতৃত্ব বহন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।