● কেন্দ্ৰীয় চৰকাৰে কৰ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে কাম কৰি আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদগোষ্ঠীৰ নেতৃত্ব সন্মিলনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণক উন্নয়নৰ বাবে আয়কৰৰ স্তৰসমূহ অধিক স্বচ্চ, সৰল আৰু সহজে মানি চলিব পৰা হ’ব লাগে। সীমা শুল্ক পৰিকাঠামোৰ আমূল পৰিবৰ্তন পৰৱৰ্তী বৃহৎ কাম বুলি মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে। শ্ৰীসীতাৰমণে কয়, যে চৰকাৰে বিগত দুটা বছৰত সীমা শুল্কসমূহ ক্ৰমাৎ হ্ৰাস কৰিছে আৰু সীমা শুল্ক ব্যৱস্থা সৰল কৰি তোলাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয়, যে সম্প্ৰতি মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয়ৰ পৰিমাণ হ্ৰাস পোৱা নাই বৰং তেওঁলোকে বিনিয়োগ কৰিবলৈ লৈছে। চলিব বৰ্ষৰ বাবে সামগ্রিক বিকাশৰ হাৰ ৭ শতাংশৰ অধিক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
Site Admin | December 6, 2025 2:54 PM | Akashvani | Akashvani News | Finance Minister Nirmala Sitharaman | FM Nirmala Sitharaman
কেন্দ্ৰীয় চৰকাৰে কৰ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে কাম কৰি আছেঃ সীতাৰমণ