ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 25, 2024 7:50 PM | Amit Shah

printer

কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে। ইয়াৰ সৈতে সংগতি ৰাখি ছত্তিশগড়ৰ মাদকদ্ৰব্যৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকতো কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাই, গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় আৰু ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী ৱিজয় শৰ্মা তথা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে। অনুষ্ঠানত শ্ৰী শ্বাহে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ পূৰ্বে দেশক মাদকদ্রব্য মুক্ত কৰি তোলাৰ বাবে লোৱা প্ৰতিশ্ৰুতি সম্প্ৰতি প্ৰতিগৰাকী নাগৰিকৰ প্ৰতিশ্ৰুতি হৈ পৰিছে। তেওঁ কয় যে, মাদক দ্ৰব্যৰ অবৈধ বেহা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি । ইয়াৰ জৰিয়তে উপার্জন হোৱা ধনে সন্ত্রাসবাদ তথা বাওঁপন্থী উগ্রপন্থাক উৎসাহিত কৰাৰ লগতে দেশৰ অৰ্থনীতিক দুৰ্বল কৰি পেলায়। মাদক দ্ৰব্যৰ অবৈধ বেহা সমূলঞ্চে নিৰ্মূল কৰাৰ প্ৰয়োজন সন্দৰ্ভতো তেওঁ আলোকপাত কৰে। তেওঁ কয় যে, চৰকাৰে ইয়াৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰি আগুৱাই যাব। গৃহমন্ত্ৰীগৰাকীয়ে নৱৰায়পুৰত মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত পিপ্‌ল ফৰ পিপল অর্থাৎ জনসাধাৰণৰ বাবে আহত অভিযান মুকলি কৰে। এই আঁচনিৰ অধীনত অঞ্চলটোত এক লাখতকৈও অধিক স্থানীয় প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হ’ব। ২১ হাজাৰতকৈও অধিক আঁহত গছৰ পুলি ইতিমধ্যে ৰোপণ কৰা হৈছে ।