December 30, 2025 10:02 AM | Amit Shah at Assam

printer

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি আৰু বটদ্ৰৱাত সাংস্কৃতিক প্রকল্প উদ্বোধন

অসমক অনুপ্ৰৱেশকাৰীমুক্ত কৰাটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। দিনজোৰা ভ্ৰমণসূচীৰে কালি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া খানাপাৰাত নৱ- নির্মিত ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আশাসুধীয়া প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গকো সোঁৱৰণ কৰে।
৪৫ বিঘা এলেকাজুৰি ২৯১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য-শ্ৰৱ্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নত মানৰ ব্যৱস্থা ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এই প্রেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা এহেজাৰ শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। ইয়াৰ আগেয়ে শ্ৰী শ্বাহে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰে। ৩০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত ৪০০ গৰাকী বিষয়াৰ বাবে সু-ব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা সংযুক্ত কার্যালয়, একত্রিত প্রমাণীকৰণ শাখা আদি আছে। গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰাৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা ভ্রমণ কৰিবলগীয়া ফৰেণচিক বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে।
উল্লেখযোগ্য যে কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কালি বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। — অনুষ্ঠানত দিয়া ভাষণত এই প্রকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ প্ৰকাশ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্রসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্রী ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত কয় যে একাংশ লোকে দখল কৰি থকা ভূমি উচ্ছেদ কৰি বটদ্রৱা প্রকল্প নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে এনেধৰণৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে ২২২ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুরু আসন ভবন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্র, গবেষণা কেন্দ্র, কলা কেন্দ্ৰ, নাটঘৰ, দহটা জনগোষ্ঠীয় কুটিৰকে ধৰি বিভিন্ন ব্যবস্থা ৰখা হৈছে। ফেব্ৰুৱাৰীৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ’বলগীয়া এই প্রকল্প বিনামূলীয়াকৈ চাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

শ্রীশ্বাহে কালি সন্ধিয়া বৰাগাঁৱত নৱনির্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ ৮৬০গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ স্মাৰক ক্ষেত্ৰত গছপুলিও ৰোপণ কৰে।