মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ বাবে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বডোফাৰ নামত আজি দেশৰ ৰাজধানীত পথ নামকৰণ কৰা কাৰ্যই জনগোষ্ঠীয় লোকসকলৰ বাবে এটা শক্তিশালী বার্তা বহন কৰিব। এসময়ত হত্যা-হিংসাৰে জৰ্জৰিত বড়োভূমিত সম্প্ৰতি শান্তি বিৰাজ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত আছে। ইপিনে, বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰে। বডোফাৰ স্মৃতিত শ্রদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকে। বডোফাৰ স্মৃতিত এবছুৱে আজি বিয়লি বিটিআৰকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাসগৃহ আৰু ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি প্রজ্বলন কৰে।
Site Admin | May 1, 2025 8:09 PM | CM Assam at Delhi Bodofa statue
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বডোফাৰ নামত দেশৰ ৰাজধানীত পথ নামকৰণে জনগোষ্ঠীটোৰ বাবে শক্তিশালী বার্তা দিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
