ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় কেবিনেটৰ মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় কেবিনেটে বতৰৰ আগলি বতৰা আৰু জলবায়ু সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত অধিক সামর্থ আহৰণৰ উদ্দেশ্য মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই যোজনাৰ বাবদ ২ বছৰত ২ হাজাৰ কোটি টকা ব্যয় হ’ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ধৰিত্ৰী বিজ্ঞান বিভাগে ৰূপায়ণ কৰিবলগীয়া এই যোজনাৰ ফলত দেশত বতৰ আৰু জলবায়ু সম্পৰ্কীয় বিজ্ঞান, গৱেষণা আৰু সেৱাৰ প্ৰসাৰ ঘটিব। এই অভিযানে সময়মতে বতৰ আৰু জয়বায়ুৰ সঠিক তথ্য প্ৰদানত সহায় কৰিব। মিছন মৌচমৰ অধীনত উন্নত চেন্সৰ, উচ্চ ক্ষমতা সম্পন্ন ছুপাৰ কম্পিউটাৰ আৰু ভৌগোলিক তথ্য ব্যৱস্থা বিশিষ্ট পৰৱৰ্তী প্ৰজন্মৰ ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহ প্ৰণালী স্থাপন কৰা হ’ব। ইয়াৰ ফলত কৃষি, দুর্যোগ ব্যৱস্থাপনা, প্ৰতিৰক্ষা, পৰিৱেশ, বিমান পৰিবহণ, জল সম্পদ, শক্তি, পর্যটন, জাহাজ চলাচল, পৰিবহণ, বিদ্যুৎ আৰু স্বাস্থ্যৰ লেখীয়া ভালেমান খণ্ড লাভান্বিত হ’ব। নগৰীয়া পৰিকল্পনা, পথ আৰু ৰে’ল পৰিবহণ, উপকূলীয় সঞ্চালন আৰু জলবায়ু নিৰীক্ষণৰ দৰে ক্ষেত্ৰসমূহত তথ্য আধাৰিত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ উন্নয়নত ই সহায়ক হ’ব।