কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে।

ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে চিগাৰেটৰ ওপৰত আৰোপিত বৰ্ধিত শুল্কৰ অংশ ৰাজ্যসমূহৰ সৈতে ভগাই লোৱা হ’ব। তেওঁ কয় যে এয়া কোনো উপকৰ নহয়, বৰং আবকাৰি শুল্কহে। বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্যসমূহ মাজত সংগ্রহিত ধনৰাশি বিতৰণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী সীতাৰমনে লগতে বিধেয়কখনে ধপাত খেতিয়কসকলৰ ক্ষতি সাধন নকৰে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে ধপাত খেতিয়কসকলক অন্য শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰাৰ বাবে শস্য বিবিধতা আঁচনিকে ধৰি ভালেমান আঁচনি আছে। ২০১৭-১৮ৰ পৰা ২০২১-২২ বৰ্ষত ধপাতৰ খেতি কৰা ১.১২ একৰ ভূমিত অন্য খেতি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।