ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 20, 2024 12:57 PM | Ashwini Vaishnaw

printer

কেন্দ্ৰই চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে কাম কৰি আছেঃ কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, চৰকাৰে বিভিন্ন উদ্যমৰ জৰিয়তে চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে সৰ্বতো প্ৰকাৰে চেষ্টা কৰি আছে৷ তেওঁ চৰকাৰী কাৰিকৰী অভিযন্তা প্রতিষ্ঠানসমূহক নতুন অৱধাৰণাৰ সৈতে আগবাঢ়ি আহিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰলৈ ততালিকে প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে যাতে চৰকাৰে সেই অনুসাৰে উন্নত সুবিধা প্ৰদান কৰিব পাৰে। মুম্বাইত কালি মহাৰাষ্ট্ৰৰ উচ্চ তথা কাৰিকৰী শিক্ষা মন্ত্রী চন্দ্ৰকান্ত দাদা পাৰ্টিলৰ সৈতে হোৱা এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যিক কাৰিকৰী শিক্ষা পৰিষদৰ জৰিয়তে স্থাপন কৰিবলৈ লোৱা ৰ’বটিক্স তথা অটমেছন আৰু ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান ৩ ডি পেইণ্টিঙৰ উৎকৰ্ষ সাধন কেন্দ্ৰ সন্দৰ্ভত প্রস্তুতি দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।