কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ নতুন দিল্লীত ১২শতকৈও অধিক নাৰ্ছিং বিষয়াক নিযুক্তি পত্ৰ বিতৰণ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত ১২শতকৈও অধিক নাৰ্ছিং বিষয়াক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও উপস্থিত থাকে। অনুষ্ঠানত সমবেত লোকক সম্বোধন কৰি শ্ৰীনাড্ডাই কয় যে দেশৰ স্বাস্থ্য নীতিয়ে সম্প্ৰতি জনসাধাৰণক চিকিৎসা প্ৰদান কৰাৰ পূৰ্বেই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে দেশৰ স্বাস্থ্য খণ্ড সম্প্রতি সৰ্বাত্মক হৈ উঠাৰ লগতে এই খণ্ডই চিকিৎসা প্রদান কৰাৰ উপৰি পুনৰ্বাসনৰো ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত চাৰি বছৰৰ পূৰ্বে এহেজাৰ ৭৫০ কোটি টকা মঞ্জুৰ কৰা হোৱা সত্বেও দিল্লী চৰকাৰ সেই ধন ইতিবাচকভাৱে ব্যয় কৰিবলৈ অসমৰ্থ হোৱা বুলি শ্ৰীনাড্ডাই অভিযোগ তোলে। সম্প্রতি ৰেখা গুপ্তা নেতৃত্বাধীন চৰকাৰখনে অহা বছৰ মাৰ্চত এই ধনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে সহস্রাধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপনৰ জৰিয়তে উদ্দেশ্য সফল কৰি তুলিব বুলি শ্ৰীনাড্ডাই আস্থা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পুঁজিৰ জৰিয়তে নিৰ্মিত আৰোগ্য মন্দিৰসমূহে ৩০ বছৰৰ উৰ্ধৰ লোকসকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰাৰ জৰিয়তে মহানগৰখনৰ স্বাস্থ্য আন্তঃগাঁথনি ত্বৰান্বিত কৰিব। তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে কৰ্কট, উচ্চ ৰক্তচাপ তথা বহুমূত্ৰ ৰোগৰ বিৰুদ্ধে যুঁজাত সহায় হ’ব। অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে অহা বছৰ মাৰ্চত ইতিমধ্যে মঞ্জুৰ হোৱা ধনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে প্ৰতি মাহে ৰাজধানী দিল্লীত ১০০খনকৈ আৰোগ্য মন্দিৰ মুকলি কৰা হ’ব। দিল্লী চৰকাৰে ইতিমধ্যে ১০০খন এনে প্রতিষ্ঠান প্ৰস্তুত কৰি তোলা বুলি উল্লেখ কৰি তেওঁ কয় যে এইসমূহৰ ভিতৰত ৬০খনতকৈও অধিক প্রতিষ্ঠান চলিত মাহত মুকলি কৰা হ’ব। আৰোগ্য মন্দিৰসমূহৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দিল্লীবাসী উপকৃত হ’ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীনাড্ডা আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আয়ুষ্মান ভাৰত পঞ্জীয়নৰ বাহনসমূহো পতাকা জোকাৰি মুকলি কৰে। উল্লেখযোগ্য যে এই বাহনসমূহৰ জৰিয়তে দিল্লীবাসীৰ দুৱাৰে দুৱাৰে আয়ুষ্মান ভাৰতৰ পঞ্জীয়নৰ সুবিধা আগবঢ়োৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।