কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৃষিমন্ত্ৰী অতুল বৰাৰ

কৃষিমন্ত্ৰী অতুল বৰাই আজি নতুন দিল্লীত কেন্দ্রীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়িত হৈ থকা কেন্দ্ৰীয় আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ লগতে ৰাজ্যখনৰ কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰি অসমৰ কৃষিভিত্তিক অর্থনীতি সুদৃঢ় কৰাৰ ক্ষেত্রত এই আঁচনিসমূহে কিধৰণে সহায় কৰিছে সেই বিষয়ে আলোচনা কৰে। এই আলোচনাত ৰাজ্যৰ কৃষি খণ্ডৰ সর্বাঙ্গীন বিকাশ আৰু কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ পথ প্রশস্ত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্রী শ্ৰীবৰাই অসমৰ লগতে দেশৰ কৃষিখণ্ডৰ আমুল পৰিৱৰ্তনৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লোৱাৰ উপৰি ভৱিষ্যতেও ৰাজ্যখনক সহযোগিতা আগবঢ়াই যাব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে ৰাজ্যৰ পৰিশ্ৰমিক কৃষক সমাজৰ সামগ্রিক কল্যান আৰু মৰ্যাদাপূর্ণ জীবন সুনিশ্চিত কৰাৰ বাবে বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।