কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীত মৰিচাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰি ভাৰত আৰু মৰিচাছৰ মাজৰ সভ্যতা আৰু সাংস্কৃতিক সম্পর্ক সন্দৰ্ভত আলোচনা কৰে। শ্ৰীনাড্ডাই দুয়োখন ৰাষ্ট্ৰক সংযোগ কৰা শক্তিশালী ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰে। কালিৰ এই বৈঠকত শ্ৰীনাড্ডাই মৰিচাছত এটা আয়ুষ কেন্দ্ৰ স্থাপন কৰাৰ লগতে নতুন এছ এছ আৰ ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ বাবে ভাৰতৰ সমৰ্থনকে আদি কৰি দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত শেহতীয়াকৈ ঘোষণা কৰা পদক্ষেপসমূহৰ আদৰণি জনায়। তেওঁ মৰিচাছত স্থাপন কৰা প্ৰথমটো জন ঔষধি কেন্দ্ৰ মুকলি কৰা বিষয়টোৰো শলাগ লয়। উল্লেখযোগ্য যে মৰিচাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ৯ৰ পৰা ১৬ ছেপ্তেম্বৰলৈ চৰকাৰী কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছিল৷
Site Admin | September 17, 2025 12:15 PM | J P Nadda meets Morrisa's PM
কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই নতুন দিল্লীত মৰিচাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ