ডাউনলোড
মোবাইল এপ

android apple
signal

June 22, 2025 12:25 PM | Amit Shah

printer

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দুদিনীয়া ছত্তিশগড় ভ্ৰমণসূচী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তিশগড়লৈ যাব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰ আৰু নাৰায়ণপুৰ জিলাত কেইবাটাও কাৰ্যসূচীত ভাগ ল’ব। শ্ৰী শ্বাহে আজি ৰায়পুৰত ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব। আনুমানিক চাৰিশ কোটি টকা ব্যয় সাপেক্ষে প্রায় ৪০ একৰ ভূমিত এই ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ’ব। শ্ৰী শ্বাহে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত ছত্তিশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে এখন বৈঠকতো মিলিত হ’ব। আন এখন বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বাওপন্থী উগ্রবাদ পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিব। কাইলৈ শ্ৰী শ্বাহে নাৰায়ণপুৰ জিলাৰ অবুঝমাড় অঞ্চললৈ যাব আৰু তাত তেওঁ গাঁওবাসীসকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণকালত শ্ৰী শ্বাহে নাৰায়ণপুৰ জিলাৰ ইকভাট্টি অঞ্চলত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰ পৰিদৰ্শন কৰি জোৱানসকলৰ সৈতেও মত বিনিময় কৰিব।