কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কেৰালা ভ্রমণসূচীৰে যোৱানিশা তিৰুৱনন্তপুৰমত উপস্থিত হয়। তিৰুৱনন্তপুৰম পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ ভি ভি ৰাজেশ, কেৰেলা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে গৃহমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। এই ভ্রমণসূচীত গৃহমন্ত্ৰী শ্ৰীশ্বাহ ৰাজ্যখনৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত জয় লাভ কৰা বিজেপিৰ প্ৰতিনিধিসকলৰৰ সৈতে বৈঠকত মিলিত হ’ব। আজি পুৱা শ্ৰীপদ্ম নাভা স্বামী মন্দিৰত গৃহমন্ত্ৰীগৰাকীয়ে পূজা অৰ্চনাত ভাগ ল’ব। বিয়লিৰ ভাগত কেৰালা কৌমুদী সন্মিলনতো তেওঁ উপস্থিত থাকিব। শ্রীশ্বাহে লগতে বিজেপি আৰু এন ডি এৰ এখন বৈঠকতো ভাগ ল’ব।
Site Admin | January 11, 2026 11:26 AM | Amit Shah at Kerala
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কেৰালা ভ্রমণসূচীৰে তিৰুৱনন্তপুৰমত উপস্থিত