কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৫ হাজাৰ খন আসনযুক্ত এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি ৪ বজাত আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব। এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, বহু খলপীয়া গাড়ী ৰখোৱা স্থান, উদ্যান ফুডকোর্ট ইত্যাদি থাকিব। আনহাতে, আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত ৮ মহলীয়া ভৱনটো উন্নত প্রযুক্তিৰে সজ্জিত কৰা হৈছে। ইয়াত অন্যান্য সা-সুবিধাৰ লগতে গুৱাহাটী স্মার্ট ছিটি প্ৰকল্পৰ জৰিয়তে নিৰ্মিত মহানগৰীৰ দুহেজাৰৰো অধিক চি চি টিভি নিৰীক্ষণৰে সমৃদ্ধ সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ থাকিব। ভৱনটোৰ চতুৰ্থ মহলাত থকা এই কেন্দ্ৰটো গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। আয়ুক্তালয় উদ্বোধনৰ পাছতে শ্ৰীশ্বাহে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ দিশত অসমে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আয়োজিত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত লাভ কৰা সফলতাসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰোৱা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
Site Admin | December 28, 2025 6:18 PM | Amit Shah Assam Visit
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব