কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্রকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত বটদ্রবা প্রকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰবা সাংস্কৃতিক প্রকল্পথলীত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। কালি জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা আৰু নগাওঁ জিলা আযুক্তই প্ৰকল্পৰ চূড়ান্ত পৰ্যায়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। গৃহমন্ত্ৰী শ্ৰী শ্বাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ নিৰ্মিত জ্যোতি বিষ্ণু প্রেক্ষাগৃহ উদ্বোধন কৰিব। ৫ হাজাৰখন আসনযুক্ত এই প্রেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্রেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি ৪ বজাত আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব। এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, বহু খলপীয়া গাড়ী ৰখোৱা স্থান, উদ্যান, ফুডকোর্ট ইত্যাদি থাকিব। আনহাতে, আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত ৮ মহলীয়া ভৱনটো উন্নত প্রযুক্তিৰে সজ্জিত কৰা হৈছে। ইয়াত অন্যান্য সা-সুবিধাৰ লগতে গুৱাহাটী স্মার্ট ছিটি প্ৰকল্পৰ জৰিয়তে নিৰ্মিত মহানগৰীৰ দুহেজাৰৰো অধিক চি চি টিভি নিৰীক্ষণৰে সমৃদ্ধ সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ থাকিব। ভৱনটোৰ চতুৰ্থ মহলাত থকা এই কেন্দ্ৰটো গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূর্বে এই কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত প্ৰকাশ কৰা মতে, আয়ুক্তালয় উদ্বোধনৰ পাছতে শ্ৰীশ্বাহে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ দিশত অসমে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আয়োজিত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত লাভ কৰা সফলতাসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নতুন ফৌজদাৰী আইন ৰূপায়নৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীর্ষ স্থানত থকা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া অসম ভ্ৰমণত সন্তুষ্টি প্রকাশ কৰিছিল।
Site Admin | December 28, 2025 10:10 AM | Amit Shah
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব