কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ হাৰিয়ানাৰ ফৰিদাবাদত হ’বলগীয়া উত্তৰ মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ লগতে দিল্লী, জম্মু-কাশ্মীৰ আৰু লাডাখৰ উপ ৰাজ্যপাল, চণ্ডীগড়ৰ প্ৰশাসক মণ্ডলীৰ লগতে অন্যান্য বিষয়ববীয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। চৰকাৰীসূত্ৰত প্ৰকাশ পোৱা মতে, ৰাজ্যসমূহৰ মাজত সহযোগিতা স্থাপন, পানীৰ ভাগ বটোৱাৰা আৰু উন্নয়নমূলক কাম আদি বিষয়সমূহ সন্দৰ্ভত এই ৩২ সংখ্যক উত্তৰ মণ্ডলীয়া পৰিষদৰ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। কেইবাখনো ৰাজ্যৰ সহযোগিতা আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ অভিযানত কিছুদিন পূৰ্বে ফৰিদাবাদত উদ্ধাৰ হোৱা বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ পাছত অঞ্চলটোত কাইলৈ হ’বলগীয়া এই বৈঠকে বিশেষ তাৎপর্য বহন কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাণ্ডলিক পৰিষদৰ ভূমিকা পৰামৰ্শদান গোটৰ বৈশিষ্ট্যৰ পৰা কাৰ্যকৰী মঞ্চলৈ পৰিৱৰ্তিত হৈছে বুলি বিষয়াসকলে প্ৰকাশ কৰিছে। দেশৰ উন্নয়ন আৰু নিৰাপত্তাৰ দিশৰ পৰা বিচাৰ কৰিলে উত্তৰ মণ্ডলীয় পৰিষদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিয়নো দেশৰ মুঠ ভূমিৰ ২১ শতাংশ আৰু মুঠ জনসংখ্যাৰ ১৩ শতাংশ সামৰি লোৱাৰ উপৰিও ৩৫ শতাংশতকৈও অধিক খাদ্য সামগ্রী এই উত্তৰ অঞ্চলতেই উৎপন্ন হয়।