ৰাজ্যত বিগত ৪ বছৰত ১১ হাজাৰৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে । তেওঁ কয়, যে ২০২১ চনৰ পৰা ১১ হাজাৰৰো অধিক নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যক পুনৰ সংস্থাপন দিয়া হৈছে। আলফা, আদিৱাসী আৰু ডিমাচা উগ্ৰপন্থীৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই শান্তি চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে ৪ হাজাৰ কোটি টকাৰ আৱণ্টনত অনুমোদন জনাইছে।
নিজৰ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে স্বৰাজোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক সোঁৱৰণ কৰে। তেওঁ কয়, যে বৰদলৈয়ে অসমৰ থলুৱা লোকসকলৰ সুৰক্ষাৰ লগতে প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল। ড° শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোহিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমক দেশৰ তৃতীয়খন দ্রুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়য়েও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। চাংসাৰিত উত্তৰ-পূবৰ প্ৰথমখন এইমছ, গুৱাহাটীৰ প্ৰস্তাৱিত ৰিং ৰোড প্রকল্প, কলিয়াবৰ, নুমলীগড়ত এলিভেটেড কৰিডৰ, নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথৰ লগতে কেইবাটাও প্ৰকল্পৰ কথা মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। ৰাজ্যখনত এহেজাৰ ৫০০ কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ডিচেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেল উদ্বোধন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ জনগাঁথনিৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা দূৰ কৰিবলৈ অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ প্ৰসংগও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ অবৈধ দখলকাৰীৰ পৰা ভূমি পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ সকলোকে আহ্বান জনায়।
বিকাশৰ ক্ষেত্ৰত ২০২০-২১ বৰ্ষৰ তুলনাত ২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১১৩ শতাংশ বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। আইন শৃংখলাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সুস্থিৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বিভিন্ন গোচৰৰ অভিযোগ নামা দাখিলৰ হাৰ পূৰ্বৰ ৪৭ৰ পৰা ৬৭ শতাংলৈ বৃদ্ধি হৈছে। নিযুক্তিৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে ১ লাখ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। ড° শৰ্মাই ইয়াৰ পূৰ্বে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাণনত স্বাধীনতা সংগ্রামী শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত পুষ্পাঞ্জলি অর্পণ কৰে।
Site Admin | August 15, 2025 7:46 PM | Assam I Day
কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন
