ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেইবাখনো জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে

কিছু দিন ধৰি ধাৰাষাৰ বৰষুণৰ পাছত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যখনৰ ১৯ খন জিলাৰ তিনি লাখ ৬৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ৫২ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত বানৰ ফলত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্রীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে বিগত ২৪ ঘণ্টাত ডিমা হাচাও আৰু শ্ৰীভূমি জিলাত ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে।মৰিগাঁও জিলাৰ ধৰমতোল থানাৰ অন্তৰ্গত এক নম্বৰ গোনামাৰাত আজি কলং নৈৰ সোঁতত উটি গৈ প্ৰতাপ মেধি নামৰ এজন লোকৰ মৃত্যু হয়। সোঁতে উটুৱাই নিয়াৰ কিছু সময় পাছত এছ ডি আৰ এফে অভিযান চলাই লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।