ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। বিহাৰৰ সমষ্টিপুৰৰ পুছাত আজি ড০ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রী চৌহানে কয়, যে এই আঁচনিৰ অধীনত কৃষি উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে ১০০ খন চহৰ বাচনি কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্রীসভাই কালি এই প্ৰস্তাৱত অনুমোদন দিছে। মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক কৃষকসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। কৃষি ধনধান্য যোজনাৰ অধীনত বিহাৰৰ কেইবাখনো জিলা সামৰি লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী সিঙে কয়, যে চৰকাৰে উৎপাদন বৃদ্ধি আৰু ব্যয় হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰিছে। চৰকাৰে কৃষি উৎপাদনত হোৱা লোকচানৰ বাবে সাহায্য আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত চাউল উৎপানৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হৈছে আৰু ৫০ হাজাৰ কোটিৰে অধিক টকা মূল্যৰ বাচমতি চাউল ৰপ্তানি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।