ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 1, 2025 8:07 PM | PM Modi

printer

কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কৃষি আৰু গ্ৰাম্য সমৃদ্ধি বিষয়ক এখন বাজেট পৰৱৰ্তী ৱেবিনাৰত দিয়া ভাষণত শ্রীমোদীয়ে কয়, যে এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ দৃষ্টিভংগী অত্যন্ত স্পষ্ট। কেন্দ্ৰীয় চৰকাৰে এনে এখন ভাৰত গঢ়াৰ দিশে অগ্ৰসৰ হৈছে য’ত কৃষকসকলৰ সমৃদ্ধি আৰু সৱলীকৰণ নিশ্চিত হ’ব। কৃষিক উন্নয়নৰ প্ৰথমটো ইঞ্জিন বুলি অভিহিত কৰি তেওঁ কয়, যে চৰকাৰে কৃষকসকলক মর্যাদাপূর্ণ স্থান দিছে। প্রধানমন্ত্রীয়ে এই প্ৰসংগতে প্রধানমন্ত্রী কৃষক সম্মান নিধি যোজনাৰ অধীনত ৩ লাখ ৭৫ হাজাৰ কোটি টকা প্ৰদান কৰিছে বুলি উল্লেখ কৰে।
প্রধানমন্ত্ৰীয়ে কয়, যে চৰকাৰে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ধন ধান্য কৃষি যোজনাৰ অধীনত দেশৰ ন্যূনতম কৃষি উৎপাদন থকা ১০০ খন জিলাক সামৰি লৈছে। সম্প্ৰতি দেশৰ কৃষি উৎপাদন অভিলেখ পৰ্যায়ত আছে বুলিও প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে।