ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৃষকসকলৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

অসম চৰকাৰে কৃষকসকলক তেওঁলোকৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৱেৰহাউচ ৰিছিপ্ত ফাইনেন্সিং শীৰ্ষক এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলে দুটাকৈ সুবিধা লাভ কৰিব। কৃষি উৎপাদিত সামগ্ৰীসমূহৰ সঠিক সংৰক্ষণ আৰু সংৰক্ষিত সামগ্ৰীৰ মূল্যৰ বিপৰীতে ঋণ প্রদান কৰা হ’ব। ইতিমধ্যে কৃষকসকলক ১২ লাখ ৬০ হাজাৰ টকাৰ ঋণ এই আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। ইয়াৰ সহায়ত কৃষকসকলে শস্য জমা কৰাৰ বাবে আধুনিক গুদামঘৰ লাভ কৰাৰ উপৰি কৃষকসকলক উন্নত বজাৰ লাভ কৰিব পৰাকৈ সময়মতে বিক্ৰী কৰাত সহায় কৰিব।