ডাউনলোড
মোবাইল এপ

android apple
signal

কৃত্ৰিম বানৰ ফলত মহানগৰীৰ  জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কালি সন্ধিয়াৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। মহানগৰীখনৰ জু-ৰোড, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, কাহিলীপাৰা, নুনমাটি, হাতীগাঁও, বেলতলা পথ, যোৰাবাটকে ধৰি কেইবাটাও মূল পথত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ আহ-যাহত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। ফলত কোনো কোনো ঠাইত জনসাধাৰণ নিজ গৃহত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। মহানগৰীৰ বিভিন্ন স্থানত পথচাৰীৰ লগতে বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল অধিক সমস্যাৰ সন্মুখীন হৈছে। মেঘালয়ৰ পৰা নামি অহা পানীয়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি জটিল কৰি তুলিছে। বতৰ বিজ্ঞান কেন্দ্ৰ জনোৱা আগজাননী অনুসৰি মহানগৰীখনত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে মহানগৰীখনত বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও অঞ্চলত যান-বাহনৰ চলাচল হ্ৰাস কৰিবলৈ নিৰ্দেশ জাৰি কৰেিছ। এই অনুসৰি বশিষ্ঠ থানাৰ অন্তৰ্গত বালুঘাট, হাতীগাঁও থানাৰ অন্তৰ্গত লিটিল ফ্লাৱাৰ স্কুল আৰু সিজুবাৰী অঞ্চল, ছাৰ্ভে ৱায়াৰলেছ অঞ্চল, ৰুক্মিণীগাঁও আৰু ৰাজগড় পথেৰে যান-বাহনৰ চলাচল হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক