ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 12, 2025 4:44 PM | Modi | Naredra Modi

printer

কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰত ভাৰতে যথেষ্ট প্ৰগতি কৰিছেঃ প্ৰধানমন্ত্ৰী

ভাৰতে কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰত যথেষ্ট প্ৰগতি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুগলৰ মুখ্যকাৰ্যবাহী বিষয়া সুন্দ পিচাইক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে বিশ্বক ভাৰতত বিনিয়োগ কৰিবলৈ আৰু ভাৰতৰ যুৱ শক্তিৰ প্ৰতি বিশ্বাস ৰাখিবলৈ আহ্বান জনায়। শ্রীপিচাইয়ে এই বৈঠক আনন্দদায়ক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, যে এই বৈঠকত তেওঁলোকে কৃত্রিম বুদ্ধিমত্তাই ভাৰতৰ বাবে কঢ়িয়াই অনা অবিশ্বাস্য সুযোগ গ্রহণ কৰি ভাৰতৰ দিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰিব পৰা উপায়সমূহৰ বিষয়ে আলাচনা কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আজি পুৱা দক্ষিণ ফ্ৰান্সৰ মাৰ্চেইত উপস্থিত হয়। মার্চেইত থকা প্রবাসী ভাৰতীয় সম্প্রদায়ে প্রধানমন্ত্ৰীগৰাকীক বিপুল আদৰণি জনায়। প্রধানমন্ত্রী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰুৱে দুয়োখন দেশৰ শক্তিশালী অংশীদাৰিত্বক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি দেশখনৰ কেইবাটাও অনুষ্ঠানত ভাগ ল’ব। দুয়োগৰাকী নেতাই ফুটিয়াভাৱে মাৰ্চেইত ভাৰতীয় দূতাবাস মুকলি কৰে। এই দূতাবাসে দক্ষিণ ফ্রান্সত থকা প্ৰবাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকক উপকৃত কৰাৰ লগতে ই ভাৰত- মধ্যপূব-ইউৰোপৰ অৰ্থনৈতিক কৰিড’ৰ হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰোপৰি দুয়োগৰাকী নেতাই আজি আন্তঃৰাষ্ট্ৰীয় তাপ পাৰমাণৱিক পৰীক্ষা ৰিয়েক্টৰ পৰিদৰ্শন কৰিব। এই তাপ পাৰমাণৱিক পৰীক্ষা ৰিয়েক্টৰৰ লক্ষ্য হৈছে বিশ্বব্যাপি লাভৰ বাবে পাৰমাণৱিক শক্তিক ব্যৱহাৰ কৰা। স্বচ্চ শক্তিৰ ব্যৱহাৰত গুৰুত্ব দিয়া এই প্ৰকল্পত ভাৰতে ২০০৫ চনত আনুষ্ঠানিকভাৱে যোগ দিছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পেৰিছত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ইষ্টোনিয়াৰ ৰাষ্ট্ৰপতি এলাৰ কেৰিছক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতা মাজত এয়া প্ৰথমটো সাক্ষাৎকাৰ আছিল। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি কেৰিছে গণতন্ত্র, আইনৰ শাসন আৰু স্বাধীনতাৰ মূল্যবোধ তথা বহুবাদিত্বৰ আধাৰত দুয়োখন দেশৰ মাজত থকা গভীৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। নেতা দুগৰাকীয়ে বাণিজ্য আৰু বিনিয়োগৰ লগতে তথ্য প্রযুক্তি আদি বিভিন্ন খণ্ডত উভয় ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি পোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে। তেওঁলোকে সম্প্ৰতি চাইবাৰ নিৰাপত্তা খণ্ডত অব্যাহত থকা দ্বিপাক্ষিক সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইষ্টোনিয়া চৰকাৰ আৰু ইয়াৰ কোম্পানীসমূহক ভাৰতে আগবঢ়োৱা ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীসমূহৰ সুযোগ গ্ৰহণ কৰি দেশৰ বিকাশত সহযোগিতা আগবঢ়োৱাৰ বাবেও আমন্ত্ৰণ জনায়। দুয়োগৰাকী নেতাই ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত সহযোগিতা সন্দৰ্ভতো ভাৰত আৰু ইষ্টোনিয়াৰ অংশীদাৰিত্বৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰে। নেতা দুগৰাকীয়ে ৰাষ্ট্ৰসংঘত সহযোগিতাকে ধৰি দ্বিপাক্ষিক গুৰুত্ব বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত-বিনিময় কৰে।