কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য কৰে বুলি দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী জেকব হেলবার্গে প্রকাশ কৰিছে। ৱাশ্বিংটনত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপ-মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অহা ফেব্ৰুৱাৰীত হ’বলগীয়া ভাৰত কৃত্রিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কয়, যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত চলি থকা বাণিজ্য ব্যৱস্থা সম্পৰ্কীয় আলোচনা আৰু যোগান শৃংখলাৰ সুৰক্ষা বিষয়ক আলোচনা সম্পূৰ্ণৰূপে সুকীয়া বিষয়। ভাৰত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনে দ্বিপাক্ষিক আর্থিক সুৰক্ষা চুক্তিৰ প্ৰগতিত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে।