■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে দায়ৱদ্ধ কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ‘ভাৰতৰ আস্থা আৰু সুৰক্ষা মহোৎসৱ’ত অংশগ্ৰহণ কৰি ড° জয়শংকৰে কয়, যে আহিবলগীয়া দিনবোৰত কৃত্রিম বুদ্ধিমত্তাই অৰ্থনীতিৰ সংস্কাৰ সাধন কৰাৰ লগতে কামৰ অভ্যাসৰ পৰিৱৰ্তন সাধন কৰিব, স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ ন ন পথ উদ্ভাৱন কৰিব আৰু শিক্ষাক অধিক পৰিমাণে প্ৰসাৰিত কৰিব। জীৱনধাৰাৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ অন্তৰ্ভুক্তিয়ে বিশ্বৰ সকলো অংশত প্ৰতিজন নাগৰিকৰ ওপৰত প্ৰভাৱ পেলাব বুলিও তেওঁ মত প্ৰকাশ কৰে।
Site Admin | October 7, 2025 4:03 PM | Akashvani | Akashvani News | Dr. S Jaishankar | EAM Dr S Jaishankar
কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত ড° এছ জয়শংকৰৰ
