কৃত্রিম বুদ্ধিমত্তা হব ভৱিষ্যতৰ যুগদ্ৰষ্টা আৰু ই ভৱিষ্যতৰ পৃথিৱী নিয়ন্ত্ৰণ কৰিব। লগতে কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুত গতিত আগুৱাই নিব। সেয়েহে ভাৰত চৰকাৰে কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত অধিক গুৰুত্ব দিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাতকাৰে কালি আমিনগাঁৱৰ টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত কৃত্রিম বুদ্ধিমত্তাৰ বিষয়ে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এখন কৰ্মশালাত অংশগ্ৰহণ কৰি এইদৰে কয়। কর্মশালাখন উদ্বোধন কৰি অধ্যক্ষাগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তাৰ বাবে সাজু হবলৈ নৱ প্ৰজন্মলৈ আহ্বান জনায়। অনুষ্ঠানত আই আই টি গুৱাহাটীৰ মেকানিকেল আৰু ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক শ্যামন্ত এম হাজৰিকাও উপস্থিত থাকে।
Site Admin | August 8, 2025 5:09 PM | AI Technology
কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুত গতিত আগুৱাই নিব