ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি’ বিষয় সন্দৰ্ভত যোৰহাটত যুৱ সংসদৰ আয়োজন

● যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ বিভিন্ন চৰকাৰী, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত ‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি’ বিষয় সন্দৰ্ভত এখন যুৱ সংসদৰ আয়োজন কৰা হয়। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামীয়ে এই যুৱ সংসদ উদ্বোধন কৰে। অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, শিক্ষা বিভাগৰ অতিৰিক্তি জিলা আয়ুক্ত মগেন নৰহ, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইপিনে, যোৰহাট দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে কার্যালয় চৌহদত ‘দানবীৰ ৰজা হৰিশ্চন্দ্ৰ’ শীৰ্ষক এখন ভাওনা পৰিৱেশন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।