ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত নতুন উপায় প্ৰৱৰ্তন ভাৰতীয় ৰেল’ৱে

ভাৰতীয় ৰেল’ৱেই মহা কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত এটা নতুন উপায় প্ৰৱৰ্তন কৰিছে। ইয়াৰ অংশ হিচাপে ৰেল’ৱেৰ কৰ্মচাৰীসকলে কিউ আৰ ক’ড থকা সেউজীয়া জেকেট পৰিধান কৰিব। এই ক’ড স্কেন কৰি তেওঁলোকে ডিজিটেল মাধ্যমত টিকট বুক কৰি সময় ৰাহি কৰিব পাৰিব। এই উপায়েৰে মহাকুম্ভৰ সময়ছোৱাত প্ৰয়াগৰাজ দৰ্শন কৰিব বিচৰা লাখ লাখ দর্শনাৰ্থীৰ টিকট বুকিং প্রক্রিয়া সহজ কৰি তুলিবলৈ ভাৰতীয় ৰেলৱেই এই বিশেষ পদক্ষেপ গ্রহণ কৰিছে। কিউ আৰ ক’ড যুক্ত সেউজীয়া জেকেট পৰিধান কৰা ৰে’লৱেৰ কৰ্মচাৰীসকল ৰে’ল ষ্টেচনৰ মুখ্য স্থানসমূহত সাজু হৈ থাকিব, যাতে দর্শনার্থীসকলে সহজে তেওঁলোকৰ টিকট বুক কৰিব পাৰে। ভ্রমণ অভিজ্ঞতা সমৃদ্ধ কৰিবলৈ এই কিউ আৰ ক’ডৰ জৰিয়তে দৰ্শনাৰ্থীসকললৈ অন্যান্য অত্যাৱশ্যকীয় সেৱাও আগবঢ়োৱা হ’ব I ডিজিটেল মহাকুম্ভৰ দৃষ্টিভংগীক ত্বৰান্বিত কৰিবলৈ আৰু দৰ্শনাৰ্থীসকলক অধিক সুবিধা প্ৰদান কৰিবলৈ ভাৰতীয় ৰে’লৱেই এটা ট’ল ফ্রি হেল্পলাইন নম্বৰ, এটা ৱেৱচাইট আৰু মহাকুম্ভমেলা এপও মুকলি কৰিছে।