ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছসেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে নলবাৰী চহৰত যান-বাহন ৰখাৰ সুবিধার্থে হাজো ৰোডৰ জিলিকনি চ’কত নৱনিৰ্মিত পার্কিং জ’নৰো উদ্বোধন কৰে। এই ব্যৱস্থাই নলবাৰী চহৰত যান-জঁট দূৰ কৰাত সহায় কৰিব। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত বৰ্ণালী ডেকা, বিজেপিৰ জিলা সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকা আৰু পৌৰপতি জয়শ্ৰী তালুকদাৰ উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।