ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা হিংসা আৰু হত্যাৰ দৰে শব্দসমূহ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো খুবেই দুর্ভাগ্যজনকঃ সুধাংশু ত্রিবেদী

বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কৈছে যে কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা হিংসা আৰু হত্যাৰ দৰে শব্দসমূহ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো খুবেই দুর্ভাগ্যজনক। নতুন দিল্লীত আজি সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰী ত্রিবেদীয়ে লগতে কয় যে জাপানৰ প্ৰাক্তন প্রধানমন্ত্রী শিনজ’ আবেৰ হত্যা আৰু কিছুদিনৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্রমণে হিংসাত্মক পৰিস্থিতিৰ ভয়াৱহতা প্ৰমাণ কৰিছে। তেনেস্থলত বিৰোধী দলে বিভিন্ন সময়ত হিংসা আৰু হত্যাৰ দৰে শব্দৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সংপৃক্ত কৰি দিয়া ভাষ্যসমূহ অতিকৈ দুৰ্ভাগ্যজনক বুলিও মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে।