কিউ এছ ৱৰ্লৰ্ড ইউনিভাৰচিটী তালিকাত ভাৰতৰ ৫৪ খন শৈক্ষিক প্রতিষ্ঠানে স্থান লাভ কৰিছে। ইয়াৰে ভিতৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীয়ে শীৰ্ষস্থান অধিকাৰ কৰিছে। ইয়াৰ পূৰ্বে বিশ্ব ৰেংকিঙত আই আই টি দিল্লীয়ে ১৫০ নম্বৰ স্থান দখল কৰিছিল। শেহতীয়াকৈ বিশ্বৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ তালিকাত আই আই টি দিল্লীয়ে ১২৩ নম্বৰ স্থান লাভ কৰিছে।
সামাজিক মাধ্যমৰ এটা বার্তাত কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে ২০১৪ চনত এই তালিকাত ভাৰতৰ মাত্ৰ ১১ খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছিল। বৰ্তমান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সাধনৰ ফলত ৫৪ খন শৈক্ষিক প্রতিষ্ঠানে তালিকাত স্থান কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয়, যে ৰাষ্ট্ৰীয় শৈক্ষিক নীতি ২০২০ কেৱল মাত্র ভাৰতৰ শৈক্ষিক মানচিত্ৰ সলনি কৰাই নহয় বৰং বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। ভাৰত জি-২০ৰ অন্তৰ্গত দেশসমূহৰ ভিতৰত শৈক্ষিক ক্ষেত্ৰত দ্রুত বিকশিত দেশ হিচাপে পৰিগণিত হৈছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু চীনৰ পাছতে চতুর্থ স্থান লাভ কৰিছে।
Site Admin | June 19, 2025 3:36 PM | Akashvani | India Education | Top University
কিউ এছ ৱৰ্লৰ্ড ইউনিভাৰচিটী তালিকাত ভাৰতৰ ৫৪ খন শৈক্ষিক প্রতিষ্ঠানৰ স্থান লাভ