ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাৰ্বি আংলং জিলাৰ ডিফুত ভোটদান আৰু ভোটাৰ সজাগতা সভা

সমাগত লোকসভা নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয় লিংগৰ ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলাৰ ডিফুৰ জিলা আয়ুক্ত কার্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত নিৰ্বাচনী জিলাৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে জিলাখনৰ ১৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ বাবে ভোটগ্রহণ কেন্দ্ৰত পৃথক শাৰী ৰখা হ’ব বুলি জনাইছে। তেওঁ লগতে তৃতীয় লিংগৰ ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সভাৰ জৰিয়তে আহ্বান জনায়। ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ প্ৰকল্পৰ অধীনত আজি শিৱসাগৰ জিলাত মেহেন্দী অংকন প্রতিযোগিতা আয়োজন কৰা হয়। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত এই প্রতিযোগিতাত জিলাখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভালেসংখ্যক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল নির্বাচন, ভোটদান আৰু ভোটাৰ সজাগতা।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।