কাৰ্বি আংলং জিলাৰ ডিফুৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি দিনযোৰা কাৰ্যসূচীৰে বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ডিফুকে ধৰি জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছশৰো অধিক ছাত্র ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত ড০ ভূপেন হাজৰিকা আঞ্চলিক ফিল্ম আৰু চিলিভিছন প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ মুৰববী অধ্যাপকসকল উপস্থিত থাকে। প্রতিষ্ঠানটোৰ কেইবাগৰাকীও প্রতিনিধিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ফিল্ম আৰু টেলিভিছন প্ৰশিক্ষণৰ জৰিয়তে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা সম্পৰ্কে ভাৱ বিনিময় কৰে। প্ৰাক্তন বিধায়ক তথা বিশিষ্ট লেখক ধৰ্মসিং টেৰণে উদ্বোধন কৰা প্ৰদৰ্শনীত অসম দক্ষতা বিশ্ববিদ্যালয়, শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, মধ্যপ্ৰদেশৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়, জর্জ টেলিগ্রাফ প্রশিক্ষণ প্রতিষ্ঠানে অংশগ্ৰহণ কৰি ছাত্র-ছাত্রীসকলক বিভিন্ন কেৰিয়াৰৰ বিষয়ে অৱগত কৰে।
Site Admin | November 7, 2025 8:05 PM | training
কাৰ্বি আংলং জিলাৰ ডিফুত বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনী