■ অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়ামৰ কাৰ্বিসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ’ব বুলি আশা প্রকাশ কৰে। তেওঁলোকে কয়, যে ছটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ ৮০ শতাংশ ইতিমধ্যে পূৰণ হৈছে আৰু ২০ শতাংশ পৰৱৰ্তী চৰকাৰ গঠন হোৱাৰ পূৰ্বে পূৰণ হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ৷
Site Admin | November 25, 2025 12:47 PM | Akashvani | Akashvani Guwahati | Karbi Anglong | Local news
কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা অসম মন্ত্ৰীসভাৰ প্ৰস্তাৱক আদৰণি কাৰ্বি আংলঙৰ ৬ প্রাক্তন বিদ্রোহী সংগঠনৰ