কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন চলিছে। মৃৎ শিল্পীসকলে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিছে। কাইলৈ পুৱাতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশ্বখনিকৰক আৰাধনা কৰা হ’ব। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হ’ব। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব।
ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাত বিশ্বকর্মা পূজাৰ প্ৰস্তুতি চলিছে। জিলাখনৰ বজাৰসমূহ আজি পূজাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰে ভৰি পৰিছে। গুৱাহাটী মহানগৰীতো আজি প্ৰতিকূল বতৰক নেওচি পূজাৰ উপকৰণ ক্ৰয়ৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা দেখা গৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদতো কাইলৈ পৰম্পৰাগত ৰীতি-নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হ’ব।
Site Admin | September 16, 2025 6:53 PM | Akashvani | Akashvani News | Biswakarma | Vishwakarma
কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ
