ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ জ্ঞানৰ ই-কক্ষ মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত জ্ঞানৰ ই-কক্ষ মুকলি কৰে। ই-কক্ষ আছাম ইউটিউব চেনেলৰ জৰিয়তে বিদ্যালয়ৰ লগতে ঘৰৰ পৰাও শিক্ষার্থীয়ে পাঠ গ্ৰহণ কৰিব পাৰিব বুলি শিক্ষা মন্ত্রী ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত ই-কক্ষ মুকলি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ্যক্ৰমৰ ভিডিঅ’ পাঠদান এই ইউটিউব চেনেলত উপলব্ধ হ’ব। অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা অসমীয়া ভাষাত সকলো পাঠৰ ভিডিঅ’ প্ৰস্তুত কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে পাঠৰ ভিডিঅ’ প্ৰস্তুত কৰা শিক্ষকসকলক আজিৰ এই অনুষ্ঠানত মানপত্ৰ বিতৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।