প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কাশ্মীৰলৈ প্ৰথমখন মালবাহী ৰে’লগাড়ীৰ চলাচলক প্ৰশংসা কৰিছে। অঞ্চলটোক মালবাহী নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে জম্মু-কাশ্মীৰৰ বাণিজ্য আৰু সংযোগৰ বাবে এয়া এটা উল্লেখযোগ্য পদক্ষেপ আৰু এই উন্নয়নে প্ৰগতি আৰু সমৃদ্ধি দুয়োটাই বৃদ্ধিত সহায় কৰিব। শ্রীবৈষ্ণৱে কালি নিজ বার্তাত কয়, যে কালি প্ৰথমখন মালবাহী ৰে’লগাড়ী পঞ্জাৱৰপৰা কাশ্মীৰৰ অনন্তনাগত উপস্থিত হয়। ৰে’ল নেটৱৰ্কৰ জৰিয়তে এই পৰিবহণে কাশ্মীৰ উপত্যকাত বসবাস লোকসকলৰ বিভিন্ন ক্ষেত্ৰত ব্যয় হ্ৰাস কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চিমেণ্ট কঢ়িওৱা কাশ্মীৰ উপত্যকা সংযোগী এই প্রথমখন মালগাড়ীয়ে ১৮ ঘণ্টাত প্রায় ৬০০ কিলোমিটাৰ দূৰত্ব সামৰি লয়। এই সাফল্যৰ পাছত ভাৰতীয় ৰে’লৱেৰ মালবাহী কৰিডৰৰ মানচিত্ৰৰ কাশ্মীৰ উপত্যকাৰো নাম সংযোজিত হৈছে আৰু ইয়াৰ ফলত অঞ্চলটোলৈ সামগ্রী অনা-নিয়াৰ ব্যৱস্থা সুচল হৈ উঠিছে। এই উন্নয়নে পৰিবহণ ব্যয় হ্ৰাস কৰি আৰু শ্ৰীনগৰ-জম্মুলৈ সামগ্ৰীৰ চলাচল সুচল কৰি স্থানীয় অর্থনীতিত উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।
Site Admin | August 10, 2025 11:24 AM | PM Modi Congratulation to train transportation Kashmir
কাশ্মীৰলৈ প্ৰথমখন মালবাহী ৰে’লগাড়ীৰ চলাচলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা