অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকেই মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্রিয় শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনাব। মৃৎ শিল্পীসকলে প্রস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰীৰে বজাৰসমূহ ভৰি পৰিছে।
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালী পূজা আৰু পোহৰৰ উৎসব দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসব উদযাপন কৰিবলৈ আহ্বান জনাইছে। এই উপলক্ষে দিয়া এটা বার্তাত তেওঁ কয় যে কালী পূজাই মানুহৰ মনৰ পৰা ভয় আৰু অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অন্তর্নিহিত শক্তিক জাগ্ৰত কৰাৰ পাঠ দিয়ে। ৰাজ্যপালগৰাকীয়ে সহমর্মিতা, পাৰস্পৰিক সহানুভূতি আৰু সৌহার্দ্য বজাই ৰাখি এই উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনায়। পোহৰৰ উৎসৱ দীপাৱলীয়ে নিৰাশাৰ বিপৰীতে সত্য, আশা আৰু পোহৰৰ জয় সাব্যস্ত কৰে বুলিও তেওঁ মত প্রকাশ কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমূহ অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পোহৰৰ এই উৎসবে সকলোৰে জীবন আলোকময় কৰি তুলিব বুলি মুখ্যমন্ত্রীয়ে কামনা কৰে।
গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেবী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্রদূষণবিহীন দীপাৱলী উদযাপন কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে। ৰাজ্যৰ প্ৰতিখন জিলাতে জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি দীপাৱলী উদযাপন কৰিবলৈ লোৱা হৈছে। নগাঁও জিলাৰ মৃৎ শিল্পীসকলে ৩০-৪০ হাজাৰ মাটিৰ চাকি বিক্ৰী কৰিছে। এইবাৰ জিলাখনৰ জনসাধাৰণে মাটিৰ চাকিৰে বাসগৃহৰ চৌদিশ পোহৰোৱাৰ বাবে সাজু হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰ পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে। পাঠশালা যুৱ সমাজৰ উদ্যোগত বজালী জিলাত দুদিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ওজাপালি প্রদর্শন, বিশ্ব শান্তিৰ বাবে বন্তি প্রজ্বলন, গছপুলি ৰোপণ আদি কাৰ্যসূচী লোৱা হৈছে। শিলচৰৰ ১২৪ বছৰ পুৰণি শ্মশানঘাট কালীমন্দিৰত আজি নিশা কালী পূজা অনুষ্ঠিত হ’ব। গোৱালপাৰা জিলাৰ শ’লমাৰীৰ ঐতিহাসিক শ্রীশ্রী মা শ্যামাকালী মন্দিৰত আজিৰেপৰা তিনিদিনীয়াকৈ কালী পূজাৰ আয়োজন কৰা হৈছে। পুৱাৰেপৰা মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে।