ডাউনলোড
মোবাইল এপ

android apple
signal

কালিৰে পৰা মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন

● ৰাজ্যৰ মিচিং জনগোষ্ঠী বসতিপ্রধান বিভিন্ন অঞ্চলত কালিৰে পৰা জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলমগাঁৱত কালিৰেপৰা তিনিদিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকর্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষক তুষ্ট কৰাৰ বাবে এই উৎসৱ পালন কৰি আহিছে। ডেকা-গাভৰুসকলৰ নেতৃত্বত আয়োজন কৰা এই উৎসৱলৈ দূৰণিলৈ বিয়া হৈ যোৱা জীয়ৰীসকলৰ লগতে জোঁৱাইসকলকো নিমন্ত্ৰণ কৰি আদৰণি জনোৱা হয়। সকলোকে সুস্বাদু খাদ্যৰে আপ্যায়ন কৰি ডেকা-গাভৰুসকলে নৃত্য-গীত পৰিৱেশন কৰে। গাঁওখনৰ পৰা অপায়-অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত বিশ্বাসেৰে এই পঃৰাগ উৎসৱ বা নৰা-ছিগা বিহু পালন কৰা হয়। চিলাপথাৰৰ কুলাজানৰ শীতলমাৰী গাঁৱত ১১ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ নৰা ছিগা বিহু উদযাপনৰ প্ৰস্তুতি চলিছে। এই উৎসৱৰ অংশ হিচাপে শীতলমাৰী শীৰ্ষক এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ’ব। উল্লেখযোগ্য যে বসন্তৰ আদৰণি উৎসৱ হিচাপে মিচিং জনগোষ্ঠীৰ লোকসকলে ধৰ্মীয় পৰম্পৰা তথা কলা-সংস্কৃতিৰ সমাহাৰেৰে এই উৎসৱ পালন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।