কালিৰে পৰা তিনিদিনীয়াকৈ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত জীৱিকা অৰ্জনত বনৰ ভূমিকা শীৰ্ষক এটা প্ৰশিক্ষণ কাৰ্যসূচী

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জীৱিকা অৰ্জনত বনৰ ভূমিকা শীৰ্ষক এটা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিভাগৰ মুঠ ২০ গৰাকী বিষয়া আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰতিষ্ঠানৰ সঞ্চালক ড০ নীতিন কুলকার্ণীয়ে। বৰ্ষাৰণ্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাৰ তত্বাৱধানত চলিবলগীয়া এই প্ৰশিক্ষণত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ, অগৰ, লাহ, ৰেচম, কৃষি বনানিকৰণ, কাঠফুলা আদি বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন সমল ব্যক্তিয়ে প্রশিক্ষণ আগবঢ়াব। ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে গোলাঘাটৰ কঁহৰাত থকা জৈৱ বৈচিত্ৰ আৰু কপৌফুল উদ্যানলৈ প্ৰশিক্ষাৰ্থীসকলক লৈ যোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।