কার্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ ৩৪ সংখ্যক অধিবেশনৰ বাবে আজি লাইখুঁটা প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ ভকতচঙস্থিত হৰ্ণবিল ক্রীড়াক্ষেত্ৰত হ’বলগীয়া এই অধিবেশন ২০ৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। কাৰ্বি লামমেত আমেইৰ সভাপতি কামচিং হান্সে আৰু উদযাপন সমিতিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰৱে কাৰ্বি জনগোষ্ঠীয় মাংগলিক পৰম্পৰাৰে লাইখুঁটা স্থাপন কৰে। এই অনুষ্ঠানত জনগোষ্ঠীটোৰ ভাষা-সাহিত্যত আগবঢ়াই নিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা ভালেমান লোক উপস্থিত থাকে। এইবাৰৰ অধিবেশনত ১০০খন গ্ৰন্থ প্ৰকাশ কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
Site Admin | January 2, 2026 9:21 PM | karbi sahitya sabha
কার্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ ৩৪ সংখ্যক অধিবেশনৰ লাইখুঁটা স্থাপন