ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ মুঠ ৪ হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে বি টি চি, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্রতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ বনাঞ্চলসমূহত বসবাস কৰি থকা প্ৰতিগৰাকী জনজাতীয় লোকক ভূমি অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অসমত জনজাতীয় লোকৰ ভূমিৰ সমস্যা ক্ৰমাগতভাৱে কমি আহিছে বুলি তেওঁ উল্লেখ কৰে। পূৰ্বে জনজাতীয় লোকসকলে ভূমিৰ বাবে আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে উচ্ছেদৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও ২০২১ চনত মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত জিলা আয়ুক্তসকলক বনাঞ্চল বা অন্যান্য ঠাইত বসবাস কৰি থকা জনজাতীয় লোকসকলক উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত বন অধিকাৰ আইন, ২০০৬-ৰ অধীনত জনজাতীয় পৰিয়ালক ভূমি স্বত্ব-পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে।
Site Admin | November 11, 2025 6:09 PM | Akashvani Guwahati | Akashvani News | Chief Minister Himanta Biswa Sarma | CMO Assam
কামৰূপ জিলাৰ মুঠ ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ