কামৰূপ জিলাৰ মীৰ্জাত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ চৰকাৰৰ অভিলাষী আঁচনি ৰূপায়ণ সন্দৰ্ভত সজাগতামূলক সন্মিলনত অংশ লয়

ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি কামৰূপ জিলাৰ মীৰ্জাত বিভাগটোৰ অভিলাষী আঁচনি ৰূপায়ণ সন্দৰ্ভত এখন সজাগতামূলক সন্মিলনত অংশ লয়। সন্মিলনত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ আৰ্থিক বোজা লাঘৱ কৰা আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰায় ৭০ লাখ পৰিয়ালৰ ২ কোটি হিতাধিকাৰীক সামৰি লৈছে। এই দিশত নতুন সংযোজনৰূপে ৰাজ্য চৰকাৰে অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ৰাজ সাহায্যযুক্ত হাৰত তিনিবিধ সামগ্ৰী দাইল, চেনি আৰু নিমখ প্ৰদান কৰাৰ সিদ্ধান্ত লয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।