মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বকোৰ গান্ধী ময়দানত আয়োজিত এটা অনুষ্ঠানত বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত সমষ্টিটোৰ মহিলা আত্মসহায়ক গোটৰ মুঠ ৩৩ হাজাৰ ৮৬১ গৰাকী সদস্যক ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰম্ভিক পুঁজিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। আঁচনিখনৰ অধীনত তৃতীয় বৰ্ষত ভাল প্ৰদৰ্শন কৰা মহিলাসকলক ৫০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে ।
Site Admin | December 31, 2025 8:06 PM | Cheque Distribution
কামৰূপ জিলাৰ বকোত হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ