কামৰূপৰ জিলা পৰিকল্পনা সমিতিৰ এখন সভা আজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত পঞ্চদশ বিত্ত আয়োগৰ অধীনত ২০২৪-২৫ বৰ্ষৰ আঁচনিসমূহ চূড়ান্ত কৰা হয়। সভাত দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধার্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তৰ লগতে কামৰূপ জিলা পৰিষদৰ সদস্য, সদস্যা আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল উপস্থিত থাকে।
Site Admin | January 3, 2026 7:17 PM | Aakashbani | Akashvani | Local news
কামৰূপৰ জিলা পৰিকল্পনা সমিতিৰ এখন সভা আজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়